ইন্টাৰনেটত এনেকুৱা বহুটো ব্লগ আৰু ৱেবচাইট আছে যিবোৰত ইউনিক’ড সম্পর্কীয় বহুটো পঢ়িবলগীয়া লিখা যুগুত কৰি থোৱা আছে । যিসকলে কম্পিউটাৰত অসমীয়া লিখিব খোজে সেইসকলৰ সুবিধার্থেও বহুটো সাৰগৰ্ভ লিখনি ইন্টাৰনেটতে প্রকাশিত হৈছে ।
“উনিক’ড হেল্প” ব্লগৰ জৰিয়তে মইও এইক্ষেত্রত সামর্থ্যনুসাৰে ক্ষুদ্র বৰঙণি আগবঢ়াবলৈ প্রচেষ্টা চলাই আছো আৰু চলায়েই থাকিম ।














