নতুনকৈ উনিক’ড অসমীয়া লিপি ব্যৱহাৰ কৰি ফোনেতিক কি-ব’র্ডেৰে অসমীয়া লিখিবলৈ আৰম্ভ কৰা কাৰোবাক ফোনেতিক টাইপিংৰ বিষয়ে বুজাবলৈ আটাইত্কৈ সহজ উপায় কি হব পাৰে ভাবি থাকোতে হঠাতে মনত খেলালে, আমিচোন দিনে নিশাই ফোনেতিক কি-ব’ড ব্যৱহাৰ কৰিয়ে থাকো ৷ তাৰ বিষয়েনো কি নতুনকৈ শিকিব লাগিছে ? কথাষাৰ আচৰিত যেন লাগিলেও সচা ৷ আমি মোবাইলত এচ-এম-এচ লিখোতে যি ধৰণে লিখো সেইটোৱেই একধৰণৰ ফোনেতিক টাইপিং ৷
ইয়াতকৈ সহজ আৰু কিবা হব পাৰে জানো ?














