ষোড়শী দ্বীপৰ
(অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অতিবাহিত কৰা ছাত্ৰ জীৱণৰ চাৰিটা বছৰৰ কোনোবা এটা অজান গধূলি মোৰ কলমৰ আগেদি ডায়েৰীৰ পাতত খহি পৰিছিল এই লিখনিটো | দুদিনমান আগতে পুৰণি কাগজ পত্ৰ চফা কৰি থাকোতে ডায়েৰীটো হাতত পৰিল | ডায়েৰীটোৰ পাত লুটিয়াই অলপ নষ্টালজিক হৈ পৰিলো | সেই নষ্টালজিয়া সকলোৰে লগত বিলাবলৈ বুলি ইয়াত লিপিবদ্ধ কৰিলো)
== X ==
প্রাকৃতিক সৌন্দর্য্যই মানুহৰ সৃষ্টিশীল মনটো সৃষ্টিৰ বাসনাৰে আকুল কৰি তোলে । অকল প্রাকৃতিক সৌন্দর্য্য বুলিয়ে নহয়, যিকোনো 
প্ৰবৃত্তিবোৰৰ উ
কর্ষ সাধন কৰে । এই উ
কর্ষিত স
প্ৰবৃত্তিবোৰৰ দ্বাৰাই সত্য শিৱ সুন্দৰৰ পোষণ আৰু কর্ষণৰ যোগেদি সমগ্র মানৱ জাতিৰে কল্যাণ সাধন হয় । গতিকে যিকোনো ধৰণৰ সৃষ্টিশীল আৰু স
গুণযুক্ত কাম কাজৰ বাবে সৌন্দর্য্যৰে আগুৰা, বিশেষকৈ প্রাকৃতিক সৌন্দর্য্যৰে আগুৰা পৰিবেশ এটা খুবেই দৰকাৰ ।
গুৱাহাটী মহানগৰীৰ ধূলি-ধোৱাময় আকাশ, পুতি গন্ধময় নলা-নর্দমা, মানুহৰ ভিৰ, কংক্রিটৰ জংগল আৰু যান বাহনৰ কর্কশ শব্দৰ দ্বাৰা প্রদূষিত বাতাবৰণৰ পৰা বহু দূৰত, জালুকবাৰীৰ পৰা দুই কিল’মিটাৰমান আতৰত অৱস্থিত ইতিহাসে গৰকা দ্বীপৰ বিল । শৰাইঘাটৰ ৰণৰ সময়ৰ পৰা, প্রশন্নলাল চৌধুৰীদেৱৰ “চিকাৰ কাহিনী”লৈকে দ্বীপৰৰ নাম বহুবাৰ উল্লিখিত হৈছে ইতিহাসৰ পাতত । দ্বীপৰৰ সৌন্দর্য্যৰ কথা নতুনকৈ কবলগা একো নাই । মাত্র ইয়াকেই কও যে দ্বীপৰৰ সৌন্দর্য্য এতিয়াও অতুত । দ্বীপৰৰ এতিয়াও ষোড়শী হৈয়েই আছে । এই অনন্যা সুন্দৰী ষোড়শীৰ ৰুপত দুর্বৃত্তৰ চকু পৰাটো স্বাভাবিক । প্রকৃতিয়ে নিজেও চাগে বাৰুকৈ উপলব্ধি কৰিছে সেই কথা আৰু সেইবাবেই চাগে দ্বীপৰৰ পৰা নাতিদূৰত দ্বীপৰৰ দেহৰক্ষীৰূপে থিয় কৰাই থৈছে শাৰী শাৰী পাহাৰবোৰ । পাহাৰবোৰৰ সৌন্দর্য্যই পৰিবেশটোত এটা মাদকতা সানি দিছে । পঞ্চাশ বছৰ আগতে দ্বীপৰৰ পাৰতে গঢ়ি তোলা হৈছিল এখন মন্দিৰ – জ্ঞানৰ মন্দিৰ । – “অসম অভিযান্ত্রিক মহাবিদ্যালয়” ।
এই মহাবিদ্যালয়লৈ পঢ়িবলৈ অহা ছাত্র ছাত্রী সকল যেন জ্ঞানৰ পুজাৰী । জ্ঞানৰ তপস্যাত একান্তভাৱে নিমগ্ন । স্বর্গৰ অপ্সৰাৰ নৃত্যত ঋষি মুনিৰ তপস্যা ভংগ হোৱাৰ দৰে যৌৱনমত্তা দ্বীপৰৰ লাস্যময় সৌন্দর্য্যৰ প্রকোপত জ্ঞানৰ তপস্যাত নিমগ্ন পুজাৰীৰ তপস্যা ভংগ হয় । কিন্তু তাৰবাবে দ্বীপৰ অভিশাপৰ বলি হবলগা নহয় । কিয়নো সেই পুজাৰীসকলো যৌৱনমত্ত, সৌন্দর্য্যপিপাসু । তেওলোকেও মুক্তকন্থে পান কৰে দ্বীপৰৰ সৌন্দর্য্য ।
সচাকৈ, সেই পুজাৰীসকলৰ এজন হবলৈ পাই মই গৰ্বিত । দ্বীপৰ আৰু মহাবিদ্যালয়ৰ কাষত অৱস্থিত শাৰী শাৰী পাহাৰ; – যেন বান ৰজাৰ গড় আৰু ভিতৰত আবদ্ধ অনন্যা সুন্দৰী ঊষা । দ্বীপৰৰ প্রেমত বলীয়া হৈ মোৰো অনিৰুদ্ধ হবলৈ মন যায় । যেন পলুৱাই নিম ঊষাক গড়ৰ ভিতৰৰ পৰা ।
দ্বীপৰলৈ অহা পৰীভ্রমী চৰাইবোৰ, পানীবোৰ, ঘাহ বন, শেলুৱৈ ধৰা জেকা মাটি আৰু কুৱলীয়ে আৱৰা দ্বীপৰ বিল । চিঞৰি-চিঞৰি কৈ দিব মন যায়, – “মই দ্বীপৰক ভাল পাও” ।
“বৰহ” ব্যৱহাৰ কৰি অসমীয়া লিখনৰ হাতপুথি ।
“বৰহ” এনেকুৱা এটা চফট্ৱেৰ যাৰ সহায়ত অসমীয়াত লিখা মেলা কৰিব পাৰি ।
“বৰহ” চফট্ৱেৰ ব্যৱহাৰ কৰিবলৈ খুবেই সহজ যদিও অলপ অনুশীলনৰ দৰকাৰ ।
ন শিকাৰুৰ দৰকাৰৰ প্রতি লক্ষ্য ৰাখি এই হাতপুথিখন লিখি উলিয়ালো । ইয়াত অন্যান্য কথাবোৰৰ লগতে যঠেষ্ট সংখ্যক অনুশীলন আৰু উদাহৰণ যোগ কৰা হৈছে । আশাকৰো কামত আহিব ।
ৰঙালী বিহুৰ শুভেচ্ছা
''আজৰি''ৰ তৰফৰ পৰা সমুহ পঢ়ুৱৈ, শুভাকাংক্ষী আৰু বৃহত্তৰ অসমীয়া ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনালো |
সৃষ্টিশীল মন
যোৱা কিছুদিনৰ পৰা ঘূণেখোৱা লাই খুঁটাটোৰ নিচিনা অনুভৱ এটা হৈ আছে । যেন ভিতৰৰ পৰা ফোঁপোলা খালী খালী ভাৱ এটা । সৃষ্টিৰ আকুলতাই বাৰে বাৰে মনটো খুন্দিয়াই আছে । কিন্তু ভাৱশূন্য মন মস্তিষ্কই একো সৃষ্টিৰ সূত্রপাতকে কৰিব পৰা নাই ।
জানুৱাৰী মাহৰ জাৰ, ওচৰত এটা জ্বলা ৰুম-হিটাৰ, কাষৰ টেবুলত এটা টেবুল লাইট, বিছনাৰ ওপৰত লেপৰ উম লৈ হাতত ডায়েৰী আৰু কলমেৰে সুসজ্জিত মই । বাহিৰত তুপুক-টাপাক বৰষুণ । জানুৱাৰী মাহৰ বৰষুণ ? আচৰিত যদিও সত্য । সৃষ্টিশীল মনৰ পোষণ বিকাশ আৰু অনুশীলনৰ বাবে মোৰ ব্যক্তিগতভাবে সকলোতকৈ ভাল লগা ঋতু – শীত ঋতু । তাতে আকৌ সোণত সুৱগা চৰোৱা মৃদু মৃদু বৰষুণ । ঘূণেখোৱা কাঠৰ খুঁটাসদৃশ মন-মস্তিষ্ক লৈও ডায়েৰী আৰু কলমেৰে সু-সজ্জিত হৈ লৈছো সৃষ্টিৰ আকুল আবেদনৰ প্রতি সহাঁৰি জনাবলৈ । যেন বৰষুণৰ টোপালবোৰে মোলৈ খিলখিলাই হাহিছে, – "ইমান ধুনীয়া পৰিবেশৰ সৃষ্টি কৰি দিছো, তথাপিও ব্যর্থতাৰ পিনে আগবাঢ়িবলৈ লৈছ' । সৃষ্টিকামী মনটোৰ ব্যর্থতাৰে নিজৰ ওচৰত নিজকে লজ্জিত কৰিবলৈ আকৌ এবাৰ তত্পৰ ?"
কিন্তু কিয় জানো আজি মই আত্মবিশ্বাসী । যেন সৃষ্টিকামীতাৰ সফলতা-বিফলতাৰ ৰহস্য মোৰ ওচৰত ফাদিল হৈ পৰিছে আজি । যেন আজি মই নিজকে সফল কৰিবলৈ শিকি আহিছো ।
কথাষাৰ একেবাৰে মিছা নহয় । যেন কিবা এটা সত্য আজি মই আৱিষ্কাৰ কৰি থৈছো । বেচি দীঘলীয়া নকৰি চমুকৈ কবলৈ গ’লে কথাটো হ’ল যোৱা কেইবছৰমানৰ পৰা, মানে মোটামোটি চাকৰি জীৱণ আৰম্ভ হোৱাৰে পৰা মই ভাল একো লিখা মেলা কৰিব পৰা নাই । বহুবাৰ চেষ্টা কৰিও বিফল হৈছো । নিজৰ ব্যর্থতাৰ কথা ভাবি হতাশ আৰু লজ্জিত হৈছো । কথাখিনিৰ অর্থ এইটো নহয় যে তাৰ আগৰ সময়ছোৱাত মই বিৰাট ভাল কিবা লিখা মেলা কৰিছিলো । বিৰাট একো নহলেও অন্ততঃ নিজৰ লিখামেলাৰ পৰা নিজে সন্তুষ্টি পাইছিলো । সিয়েই মোৰবাবে সাফল্য । কিন্তু বৰ্ত্তমান সময়ছোৱাত সেই সন্তুষ্টিখিনিও নাইকীয়া হৈ পৰাটোৱেই মোৰবাবে ব্যৰ্থতাৰ সূচক । এতিয়া কথাটো হ’ল নতুনকৈ মইনো এনেকুৱা কি সত্য আৱিষ্কাৰ কৰিলো যিয়ে মোক হেৰোৱা সাফল্য নতুনকৈ অর্জন কৰাৰ আত্মবিশ্বাস প্রদান কৰিলে ? সেই সত্যটোৰ কথা একেআষাৰে কব নোৱাৰি । অলপ বহলাই কওঁ ।
মোৰ দৈনন্দিন জীৱণ আৰম্ভ হয় পুৱা সাত বজাৰ এলার্মেৰে । টোপনিৰ পৰা উঠাৰ পিচত অফিচলৈ বুলি সাজু হৈ ওলোৱাৰ বাহিৰে আন কৰণীয় নাই । দিনটো অফিচত । অফিচত থকা সময়চোৱাত, অফিচৰ কামৰ বাহিৰে আন কথা ভবা বা কৰাৰ আহৰি নাই । অফিচৰ পৰা আহি পাওঁমানে গধূলি । দিনটোৰ কাম কাজৰ ভাগৰে জুৰুলা কৰা মন-মস্তিষ্কক অকমান সকাহ দিও বুলি টিভি চাই বা মোবাইলত বন্ধু-বান্ধৱ, বা আত্মীয়জনৰ লগত কথা পাতোতেই ৰাতি ভাত খাবৰ সময় হয় । ভাত খাই উঠাৰ পিচতো বেছি দেৰি নকৰাকৈ নিদ্ৰাদেৱীৰ ওচৰত শৰনাপন্ন হওঁ । ৰাতিটো পাৰ হোৱাৰ লগে লগেই আকৌ একেখিনি ঘটনাৰেই পুনৰাবৃত্তি । – এনেকুৱা যান্ত্রিক ধৰণে যাপন কৰা জীৱণ এটাত সৃষ্টিশীল চিন্তাধাৰাৰ পোষণ আৰু বর্ধনৰ সম্ভাৱনা সীমিত । গতিকে সৃষ্টিৰ চেষ্টা ব্যর্থ হোৱাও স্বাভাৱিক ।
এয়া আছিল প্রথমটো কাৰণ । ইয়াৰ পিচৰ কাৰণসমুহ অলপ জটিল । বুজিবলৈও জটিল, বুজাবলৈও জটিল । অফিচৰ সময়খিনি বা অফিচৰ কামৰ লগত জড়িত সময়খিনিৰ বাহিৰেও কিছু সময় মোৰ হাতত থাকে । তাৰে কিছুসময় দৈনন্দিন যাৱতীয় কাম-কাজত ব্যৱহৃত হয় । তাৰ পিচতো বাকি থাকি যোৱা সময়খিনিৰ কিছু সময় অ-দৈনন্দিন ব্যক্তিগত কামত ব্যৱহাৰ হয় বুলি ধৰি ললো । কিন্তু তাৰ পিচটো কিছু সময় হাতত থাকি যায় । এই সময়খিনি মই কোনো বিশেষ ধৰণৰ কাম কাজ কৰি অতিবাহিত নকৰো । এই সময়খিনি উত্সৰ্গিত হয় ব্যক্তিগত জীৱণৰ যান্ত্রিকতাৰ নামত । কম্পিউটাৰত গান শুনা, ইন্টাৰনেট, ফেচবুক, টি ভি, মোবাইল ইত্যাদিৰ মাজত জাহ যায় সেই সময়খিনি । কথাখিনি অবিশ্বাস্য যেন লাগিলেও সচা । ব্যক্তিগত জীৱণৰ যান্ত্রিকতাই কাঢ়ি লৈ যায় আমাৰ পৰা বহুখিনি মূল্যবান সময় । অকল সময়েই নহয় । ই আমাক আন ধৰণেও ক্ষতিগ্ৰস্ত কৰে । যান্ত্রিকতাৰ খহনীয়াত উটি যাবলৈ লোৱা সেই সময়খিনি যদি মই চিনাক্ত কৰি তাৰ সদ্ব্যৱহাৰ কৰিব খোজো, মই ব্যৰ্থ হ’ম । কিয়নো সৃষ্টিশীল মনৰ সৃষ্টিভাষ্য অতিকে কোমল আৰু অতিকে মৃদু । ই যান্ত্রিকতাৰ কোলাহলত অতি সহজে নুশুনা হৈ পৰে । গতিকে ব্যক্তিগত জীৱণৰ যান্ত্রিকতাসমুহক আওকান কৰি নহয়, ইবোৰক কিছুসময়ৰ বাবে সমুলি নাইকীয়া কৰি থোৱাটোহে কার্য্যকৰী সমাধান ।
মোৰ ছাত্র বয়সত মই লিখা গল্প এটা মোৰ বন্ধুবর্গৰ মাজত খুবেই প্রশংসিত হৈছিল । মোৰ আজিও মনত আছে, সেই গল্পটো মই লিখিছিলো, লেমৰ পোহৰত পঢ়া টেবুলত, বেচিকৈ চিয়াঁহী লাগিলে ফাহি যাব খোজা কেইখিলামান কাগজত, চেলপাৰ্ক চিয়াঁহীৰে হাত নীলা কৰি পেলোৱা এটা ফাউন্টেইন কলমেৰে । তাৰ পিচৰছোৱা সময়ত, মানে যোৱা কেইবছৰমানৰ ভিতৰত পার্কাৰ কলমেৰে দামী ডায়েৰীৰ এক্সিকিউটিভ বন্ড (Executive Bond) কাগজত বহুটো কিবা কিবি লিখিবলৈ চেষ্টা কৰিছো । হয়তো লিখিছোও । কিন্তু লিখি নিজে সন্তুষ্টি পোৱা নাই । আজি আকৌ ঘূৰি যাব খুজিছো মোৰ কলেজৰ সেই দিনবোৰলৈ । সাময়িকভাৱে আতৰাই থৈছো যান্ত্রিকতাক মোৰ জীৱণৰ পৰা । ৰাতি ভাত খাই উঠি লিখিবলৈ বহিছিলো । এতিয়া কেইটা বাজিছে নাজনো । এঘাৰটা মানও বাজিব পাৰে, দুটা মানও বাজিব পাৰে । মোবাইল বন্ধ কৰি থৈছো । লেপটপ বন্ধ । টি ভি ও বন্ধ । কোঠাৰ দ্দর্জা খিৰিকী বন্ধ । আনকি টেবুল লাইট্টোৰ বাহিৰে আন একো লাইট জ্বলাই থোৱা নাই । বৰষুণ অকমাণ জোৰকৈ আহিব ধৰিছে । ঠাণ্ডাও পৰিচে অলপ বেচিকৈ । কাণপাতি ৰৈ আছো । কিজানি সৃষ্টিশীল মনৰ মৃদু কোলাহল শুনিবলৈ পাওঁৱেই ।
শ্ৰদ্ধাঞ্জলি
কিছুদিনৰ আগতে আমাৰ অতিকে মৰমৰ ড০ ভুপেন হাজৰিকাদেৱৰ দেহাৱসান ঘটিল
৷ ভাবিলে আচৰিত যেন লাগে ৷ বিশ্বাসেই নহয় ৷ এনেকুৱা লাগে যেন আজিও তেওঁ আমাৰ মাজতেই আছে ৷ যেন ''বুকু হ'ম হ'ম কৰে'' গানৰ জৰিয়তে আজিও বুকুৰ বেদনা সুৰৰ নিজৰাৰুপে বোৱায়েই আছে ৷যেন ''বিস্তীৰ্ণ পাৰৰে'' গানেৰে আজিও বৰলুইতক প্রত্যাহ্বান জনায়েই আছে ৷ সচাকৈ, আমাৰো বুকু হ'ম হ'ম কৰে যেতিয়াই কল্পনা জগতৰ পৰা বাস্তৱ জগতলৈ ঘুৰি আহি উপলব্ধি কৰো – হাজৰিকাদেৱ আৰু নাই ৷
হাজৰিকাদেৱৰ নিচিনা মানুহ পাবলৈ খুব টান ৷ অসমবাসীৰ মাজৰ পৰা কোনোবা দ্বিতীয় এজন ভুপেন হাজৰিকা বা হাজৰিকাদেৱৰ সতে তুলনাযোগ্য কোনোবা এজন সমীপ ভৱিষ্যতত ওলাব বুলি আশা কৰাটো সমুলি মিছা ৷ সেইবুলি একেবাৰে নিৰাশাজনক পৰিস্থিতি এটাৰ কথা কোৱা নাই ৷ বাস্তৱ সত্য যেন লগা কথা এটাহে সোঁৱৰাই দিছো ৷ মুঠৰ ওপৰত কবলৈ গ'লে হাজৰিকাদেৱৰ দেহাৱসানে অসমীয়া জাতিৰ যি ক্ষতি কৰিলে, সেইটো কোনেও কাহানিও কোনোপধ্যে পৰিপূৰ্ণ কৰিব নোৱাৰে ৷
অসমীয়া ভাষা সাহিত্যৰ ঘাইশিপাদাল ডাঙৰ দীঘল আৰু মজবুত বনোৱাত অন্যতম বৰঙণি যোগোৱা মহিষী সকলৰ নাম মনত পেলালে পোনপ্ৰথমে মনলৈ আহে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কথা ৷ তেখেতে অসমীয়া ভাষাৰ প্রতিটো দিশতেই বৰঙণি যোগাই থৈ গৈছে ৷ সেইকাৰণে বেজবৰুৱাদেৱৰ দ্বাৰা লিখিত কবিতা, গল্প, প্রৱন্ধৰ পৰা আৰম্ভ কৰি আইনাম, বিয়ানামলৈকে শুনিব পোৱা যায় ৷ তেখেতৰ নিচিনাকৈ হাজৰিকাদেৱেও অসমীয়া সংস্কৃতিৰ বহুকেইটা দিশ চহকী কৰি থৈ গৈছে ৷ হাজৰিকাদেৱ একেধাৰে এজন কবি, গীতিকাৰ, সুৰকাৰ, সাংবাদিক, বোলছবি নির্মাতা, আৰু লিখক ৷ গতিকে তেখেতেক অসমৰ ''লিওনাৰ্ড' দা ভিন্সি'' বুলি কলেও বঢ়াই কোৱা নহয় ৷
হাজৰিকাদেৱ আমাৰ হৃদয়ত চিৰদিনলৈ এখন বিশেষ আসন অধিকাৰ কৰি জীয়াই থাকিব ৷ স্বৰ্গীয় ভুপেন হাজৰিকাদেৱলৈ ''আজৰি''ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিলো ৷
সাহিত্য আৰু বিকাশ
মানৱ সভ্যতা বিকাশশীল | সভ্যতাৰ জন্মৰ পৰা বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ই আগবাঢ়ি বিভিন্ন পৰিস্থিতিৰ দ্বাৰা লালিত পালিত হৈ আজিৰ ৰূপ পাইছেহি | সভ্যতাৰ এই বিকাশ প্ৰক্ৰিয়াত সময়ে সময়ে ইয়াৰ মাজত বহুতো অন্তৰ্হীত পৰিৱৰ্ত্তন আহি পৰিছেহি | এই পৰিৱৰ্ত্তনবোৰ বেলেগ বেলেগ ধৰণৰ | কিছুমানৰ বিষয়ে মানৱ জাতিয়ে গমকে নাপায় | আন কিছুমানে আকৌ একো একোটা যুগৰ পৰিৱৰ্ত্তনৰ সূচনা কৰে | এই পৰিৱৰ্ত্তনবোৰৰ লগে লগে সভ্যতাৰ বিকাশৰ বাবে দৰকাৰ হোৱা মৌলিক উপাদানবোৰৰ ও পৰিবৰ্ত্তন সাধন হয় | এই পৰিবৰ্ত্তনবোৰ ধনাত্মক বা ঋণাত্মক – এই দুই ধৰণৰ হব পাৰে | ধনাত্মক পৰিবৰ্ত্তনে সভ্যতাক উন্নততৰ স্তৰলৈ বিকশিত কৰে | আনহাতে ঋণাত্মক পৰিবৰ্ত্তনে সভ্যতাৰ বিকাশ ক্ষ্য়তিগ্ৰস্থ কৰে |
সভ্যতাৰ বিকাশত অৰিহণা যোগোৱা অন্যতম উপাদান হ’ল ভাষা | ভাষাই অকল সভ্যতাৰ বিকাষতেই অৰিহণা নোযোগায় | ই সভ্যতাৰ লালন পালন, মিলন বৰ্দ্ধন আদি প্ৰক্ৰিয়াতো গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰে |
ভাষাৰ লগত ওতঃপ্ৰোত ভাবে জড়িত, বা আন অৰ্থত কবলৈ গলে ভাষাৰ এটা অন্যতম অংগ হ’ল সাহিত্য | গতিকে সাহিত্য আৰু ইয়াৰ চৰ্চা ভাষাৰ বিকাষৰ বাবে অতিকৈ দৰকাৰী | গতিকে দেখা গ’ল যে সভ্যতাৰ বিকাশৰ বাবে ভাষা, আৰু ভাষাৰ বিকাশৰ বাবে সাহিত্যৰ চৰ্চা অতিকৈ দৰকাৰী |
সভ্যতাৰ বিকাশৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ আহি আমি একবিংশ শতিকাত খোজ দিছোহি |
আদিম মানৱৰ আদিম জিঘাংসা প্ৰবৃত্তিবোৰ ত্যাগ কৰি সভ্যতাৰ লগে লগে বিভিন্ন সোধন প্ৰক্ৰিয়াৰ মাজেৰে সোধিত হৈ আমিও গঢ়িত হৈছো "একবিংশ শতিকাৰ নতুন মানুহ" হৈ | ভালকৈ ভাবি চালে কথাষাৰৰ সচা নোহোৱাৰ কোনো কাৰণ নথকা যেন লাগে | কিন্তু "একবিংশ শতিকাৰ নতুন মানুহ"ৰ কিছুমান কাম কাজে উক্ত কথাষাৰৰ সত্যাসত্যক প্ৰত্যাহ্বান জনাইছে | উদাহৰণ স্বৰুপে কব খুজিছো উগ্ৰপন্থি সংগঠন বোৰৰ কৰ্ম কান্দ বোৰৰ কথা | ই একো নতুন কথা নহয় | সকলোৱে জানে | এইবোৰ ঘটনাই প্ৰমাণ কৰে যে আদিম মানৱৰ আদিম জিঘাংসা প্ৰবৃত্তিবোৰ "একবিংশ শতিকাৰ নতুন মানুহ"ৰ মাজতো বিৰাজমান | তাৰমানে সভ্যতাৰ বিকাশ আৰু উন্নতিৰ যিবোৰ কথা ইমানপৰে কৈ থকা হৈছে সেই সকলো মুল্যহীন |
বস্তুনিস্থ পৃথিৱীখনৰ যোগেদি বা বৌদ্ধিক দিশত যদিও আমি সভ্যতাৰ পথত আগবাঢ়ি আছো, মানসিক দিশৰ পৰা আমি হৈ আছো সেই একেই আদিম যুগৰ আদিম মানৱ | আমাৰ যেন মন-মস্তিস্কত বিৰাজ কৰিছে এক সভ্য বৰ্বৰতাই |
কিন্তু আমি মানুহবোৰ আশাবাদী | কিছুমান দিশৰ পৰা কথাবোৰ ভাবি চালে পৰিস্থিতিবোৰ সিমন নিৰাশাজনক নহয় যেন ও লাগে | আমি আগতে কৈছোৱেই যে ভাষা হ’ল সভ্যতাৰ পালনকৰ্ত্তা | ভাষা সাহিত্যৰ যোগেদিয়েই মানুহৰ মনৰ কু প্ৰবৃত্তিবোৰক দমন কৰি সত্, সংস্কৃত, তথা সৰ্বাংগসুন্দৰ প্ৰবৃত্তিবোৰৰ উত্কৰ্ষ সাধন কৰিব পাৰি |
শিলে শিলে ঠেকা খালে ……
ডি ৱাই 365 চেনেলত নতুনকৈ প্ৰচাৰ কৰিবলৈ লোৱা "ডি ৱাই মেড্লি" নামৰ
অনুস্থানটো চাই ভাল লাগিল | বহুতো পুৰণি গান নতুন শিল্পীৰ কন্থত নতুনকৈ প্ৰাণ পাই উঠা যেন লাগিল | নতুন বাদ্যযন্ত্ৰ আৰু নতুন শুৰৰ বেশভূষাৰে যেন পুৰণি গানসমুহো নতুন হৈ উঠিছে |
এতিয়ালৈ সকলোতকৈ ভাল লগা গানটো হ’ল "অৰণ্য" বোলছবিৰ "শিলে শিলে ঠেকা খালে নিজৰাৰে পানী ……" গানটো |
"ডি ৱাই মেড্লি" অনুস্থানত উক্ত গানটোত কন্থদান কৰিছে, প্ৰীয়ংকা ভৰালী আৰু মুন মুন দাসে | দুয়োজনা শিল্পীলৈ মোৰ কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ যাছিলো |
অৰণ্য বোলছবিত এই গানটোত কন্ঠদান কৰিছিল আৰতি মুখাৰ্জীয়ে |
টেক এ ব্রেক
বহুদিনৰ মুৰত কেইটামান ভাল গান শুনিলো ৷ গানকেইটা মোৰ বন্ধুএজনে যোগান
ধৰা বঙালী গান ৷
সোমবাৰৰ পৰা শনিবাৰলৈ অফিচত বিৰক্তিকৰ একঘেয়ামি কাম কাজ আৰু অফিচৰ পৰা আহি পোৱাৰ পৰা পিছদিনা অফিচলৈ যোৱা সময়খিনিৰ মাজৰ পৰা শুৱা সময়খিনি বাদ দিলে থাকি যোৱা অত্যন্তভাৱে সংকুচিত ব্যক্তিগত সময়খিনিও অতিবাহিত কৰাৰ একেধৰণৰ পন্থা অৱলম্বনে দৈনন্দিন জীৱনটো অতিশয় বিৰক্তিকৰ কৰি তোলে ৷ কেতিয়াবা এনেকুৱা লাগে যেন কৰিবলৈ বহু কিবা কিবি আছে কিন্তু সময় নাই | যেন, সময় দুৰ্ভিক্ষ্যতহে ভুগিছো | আনহাতে যদি কেতিয়াবা অলপ বেছি ব্যক্তিগত সময় হাতত পাও, তেতিয়া আকৌ কৰিবলৈ একো নথকাৰ বাবে বিৰক্তি অনুভৱ হয় |
এনেধৰণৰ অসন্তুলিত অৱস্থাৰ কাৰণ আৰু সমাধান যেন আজি বিচাৰি পালো |
মোৰ গাড়ীখনত বজাবলৈ অসমীয়া, ইংৰাজী আৰু হিন্দী গানৰ তিনিখন চি ডি থৈ দিয়া আছে | বহুদিন ধৰি সেই একেকেইখন চি ডি বজায়েই আছো | তাত একো নতুন গানৰ সংযোজন ঘটা নাই | একেখিনি গান বহুদিন ধৰি শুনি থকা বাবে, শুনিবলৈ মন নোযোৱা হৈছে | এইটো অকল মোৰেই অৱস্থা নহয় | মোৰ গাড়ীত সঘনে উঠা বন্ধুসকলো এই কথাৰ পৰা অৱগত আৰু তেওঁলোকৰো একেই অৱস্থা | তেওঁলোকেও সেইকেইখন চি ডি শুনিব মন নকৰে |
আজি ৰবিবাৰ | দুপৰীয়াৰ ভাতসাজ বাহিৰৰ ধাবা এখনত খাওঁ বুলি মই আৰু মোৰ বন্ধু সুৰজিত ওলাই গ’লো | ধাবাখন ইয়াৰ পৰা আধাঘন্টা মান লাগে | যোৱা সময়ত সুৰজিতে গাড়ীত বজাবলৈ চি ডী কেইখনমান ললে(যিহেতু মোৰ চি ডী কেইখন শুনাৰ ইচ্চা আমাৰ এজনৰো নাই)| আমি নুমলীগড়ত থাকো(চাকৰীসূত্ৰে) | খাবলৈ যোৱা ধাবাখন দেৰগাৱৰ ওচৰত | গ’লো খালো আৰু গুচি আহিলো | কিন্তু যোৱা আৰু অহা সময়ত, অলপ ৰ’দমিশ্ৰিত মেঘাচ্চন্ন বতৰে ৰাস্তাৰ কাষত চাহবাগিচাবোৰত আঁকি দিয়া ৰোদ আৰু ছাঁ ৰ খেলাবোৰ শেষ নোহোৱালৈকে চাবলৈ মন আছিল | খোলা পথাৰৰ আধা ৰ’দ আৰু আধা ছাঁ, ৰাস্তাৰ দাতিত বৰষুণৰ পানীৰ দোঙাত মেঘৰ প্ৰতিচ্ছবি ….. আৰু যে কত কি ……. |
এনেকুৱা নহয় যে এইবোৰ মই প্ৰথম বাৰৰ বাবে দেখিছো | হয়তো সদায় অফিচলৈ অহা যোৱা কৰোতেও দেখিছো | কিন্তু সেইবোৰ এনেকৈ কেতিয়াও মানসপতত অংকিত হৈ থাকি যোৱা নাই | এইবোৰৰ উপৰিও কোমল শব্দেৰে বাজি থকা বঙালী গানকেইটা ………. | গাড়ী চলাই থকা বাবে গানৰ লিৰিক বিলাকৰ ওপৰত সিমান মন দিব পৰা নাই, কিন্তু সুৰখিনিয়ে যেন খুব ভাল লাগিল |
এনেকুৱা নহয় যে ৰাস্তাৰ আশে-পাশে চাৰিওফালে দেখা বস্তুবোৰ আজিহে মই দেখিছো, বা এনেকুৱা নহয় যে প্ৰাকৃতিক সৌন্দৰ্য্যক বতৰটোৱে ৰহস্যময় সৌন্দৰ্য্যৰ আৱৰণ প্ৰদান কৰাও মই আজিহে দেখিছো, বা গানকেইটাই গোটেই পৰীৱেষটো আকৰ্ষণিয় কৰি তুলিলে | নিসন্দেহে গানকেইটা ভাল লাগিল কিন্তু তাৰ সলনি আগতে নুশুনা বেলেগ ভাষাৰ ভাল সুৰৰ আন কিবা গান হলেও তেনেকুৱাই লাগিলে হয় চাগে |
ভাবি চিন্তি ইমানেই বিচাৰি পালো যে সকলো বস্তু ভাল লগাৰ এটাই মাথো কাৰণ – একঘেয়ামী দৈনন্দিন জীৱণৰ পৰা সাময়িক মুক্তি | আমি মানুহবোৰ দৈনন্দিন জীৱণৰ যান্ত্ৰিকতাৰ মাজত ইমানেই সোমাই পৰিছো যে আশে পাশে থকা সুন্দৰ ব্স্তু, সুন্দৰ চিন্তা আৰু সুন্দৰ কথা বতৰা আদিৰ পৰা নিসৃত অনুমাত্ৰ কিন্তু বিমল আনন্দদায়ক সুখবোৰ অনুভৱ কৰিবলৈ পাহৰি গৈছো | আহতগছ জোপাৰ তলৰ আমুকাৰ দোকানৰ সম্মুখৰ অড্ডা, পুহমাহৰ আবেলি গৰখীয়াই গৰুবোৰ পথাৰৰ পৰা লৈ আহোতে গৰুবিলাকৰ খোৰাত ওপৰলৈ উঠা ধুলিৰে ধূৱলী-কুৱলী হোৱা ৰাষ্টাবোৰ, আহাৰ-শাওন মাহত পথাৰত পানীৰ মাজেৰে মুৰ উলিয়াই থকা কঠীয়াবোৰ …….. আৰু যে কত কি !!! আমি চাকৰিশ্ৰেণীৰ মানুহবোৰে এইবোৰ সোন্দৰ্য্য উপভোগ কৰিবলৈ পাহৰি যাওঁ |
অজানিতে হলেও বহুদিনৰ মূৰত এনেকুৱা এটা অনুভৱ পাই মনটো অলপ খোলা খোলা লাগিছে | খুব ভাল লাগিল |
অসমীয়া বিষয়বস্তু আৰু কিছু কথা
যোৱা কিছুদিন ধৰি ইন্টাৰনেতত অসমীয়া ৱেবচাইত আৰু ব্লগ বিচাৰি চলাথ কৰিছো | লক্ষ্য হ’ল, বৰ্ত্তমান চলিত অৱস্থাত থকা অসমীয়া, বা ইংৰাজী – অসমীয়া দ্বিভাষিক ৱেব্চাইত/ব্লগ সমুহৰ বিষয়বস্তুবোৰৰ বৈচিত্ৰতাৰ এটা সামগ্ৰিক আভাষ লোৱা |
আগতে নেদেখা বহুতো নতুন ৱেবচাইত আৰু বহুসংখ্যক ব্লগ বিচাৰি পালো | কিছুমান ব্লগ চালে-চকুৰোৱা | মোটামুটি সকলোবোৰ ব্লগ আৰু ৱেবচাইতৰ লিখনৰ মানদণ্ডও বহুখিনি উচ্চখাপৰ | ভালেই লাগিল | কিন্তু এটা কথা লক্ষ্য কৰিলো, – অসমীয়া ৱেবচাইত/ব্লগ সমুহত প্ৰকাশ পোৱা লিখনিবোৰৰ বিষয়বস্তুৰ বৈচিত্ৰতা তেনেই সীমীত | মাত্ৰ কেইটামান সীমীত বিষয়বস্তুৰ মাজতে প্ৰায়বোৰ ৱেবচাইত পুঞ্জিভূত হৈ পৰা যেন লাগিল | এই বিষয়বস্তু বোৰ হ’ল, – উনিক’ড, উনিক’ড ব্যৱহাৰ কৰি অসমীয়া লিখন পদ্ধতি, উনিক’ড ব্যৱহাৰৰ বিভিন্ন সমস্যা, ইন্টাৰনেতত অসমীয়া ভাষাৰ অৱস্থিতি আৰু জড়িত চিন্তাৰ বিষয়সমুহ, অসমীয়া ভাষাৰ উত্কৰ্ষৰ লগত জড়িত বিভিন্ন দিশ, বিভিন্ন কথা আৰু বিভিন্ন বিষয়, অসমীয়া গল্প, কবিতা আৰু বিভিন্ন সাহিত্য ….. ইত্যাদি | এই বিষয়্সমুহ বা গল্প, কবিতা ইত্যাদি সাহিত্য সমুহ আগ্ৰহী পাঠকৰ বাবে খুবেই উপযোগী তথা মুল্যবান সম্পদ | কিন্তু যিসকল পাঠক ওপৰোক্ত বিষয়বোৰত অলপো আগ্ৰহী নহয় তেওঁলোকে নিশ্চয় অসমীয়া ৱেবচাইতবোৰলৈ আকৃষ্ট নহব |
অসমীয়া ৱেবচাইত আৰু ব্লগৰ সংখ্যা বঢ়িবলৈ লোৱাটো এটা সুভ – সংকেত | কিন্তু লগতে এইটো কথাও মনত ৰাখিব লাগিব যে "ৱৰ্ল্ড ৱাইড ৱেব"ত অসমীয়া ভাষাক উপস্থাপন কৰিবলৈ হলে গল্প, কবিতা, উপন্যাস আদি সাহিত্যৰ লগতে অন্যান্য বিষয়বস্তু, যেনে, বিজ্ঞান, প্ৰযুক্তি, পৰিৱেশ, সংস্কৃতি, ভূগোল, বুৰঞ্জী, ভ্ৰমণ, মনোৰঞ্জন ….. ইত্যাদি বহু বিষয়ৰ ওপৰত অসমীয়া লিখনি ইন্টাৰনেতত প্ৰকাশ পাব লাগিব |
আৰম্ভনিৰ স্তৰ হিচাপে লিখনৰ বিষয়বস্তু সীমীত হৈ থাকিলেও লাহে লাহে সকলোৱে অন্যান্য বিষয়বস্তুৰ ওপৰত লিখা প্ৰকাশ কৰা আৰম্ভ কৰিলে ভাল হয় যেন বোধ হ’ল |
লগতে উনিক’ডত অসমীয়া টাইপিংৰ বিষয়ে সজাগতা বাঢ়িলে বহুসংখ্যক নতুন ৱেব-লিখক(web writer)ৰ জন্ম হব বুলি আশা কৰিব পাৰি | ইয়ে ইন্টাৰনেতত অসমীয়া লিখনৰ ভিন্নতা বঢ়াব বুলি আশা কৰিব পাৰি |

সৃষ্টিকামী মনটো এটা লেকাম নাইকীয়া ঘোৰাৰ দৰে | এই সৃষ্টিকামী মনটোৱে কল্পনাৰ বিচৰণস্থলিত অনাই-বনাই বিচৰণ কৰি থাকোতে সৃষ্টি হোৱা তৰংগসমুহ মনটোত পুঞ্জীভূত হয় | ইয়াৰ ফলশ্ৰুতি স্বৰুপে মনোৰাজ্যত সৃষ্টি হোৱা উকমুকনিৰ পৰা ৰক্ষা পাবলৈ পুঞ্জীভূত তৰংগসমুহ মাতৃভাষাৰ মাধ্যমেৰে নিষ্কাশিত কৰাৰ এক নিৰীহ প্ৰয়াস |

