অসমীয়া ৱিকিপিডিয়া ত লিখা মেলা কৰিম বুলি বহুদিন আগতেই থিৰাং কৰি থৈছিলো। অসমীয়াত অলপ-অচৰপ লিখা মেলা মাজে মাজে কৰি থাকো। আৰু তাৰে প্ৰায়্ভাগেই “আজৰি”ৰ যোগেদি প্ৰকাশিত হয়। ইয়াৰ উপৰিওঁ ইচ্ছা কৰিলেই মই আন বহুতো প্ৰকাশন মঞ্চ অন্তঃজালত বিচাৰি লব পাৰো (যেনে ধৰক, ফেচবুক, wordpress.com ব্লগ, blogspot.com ব্লগ ইত্যাদি)। কিন্তু এই সকলো বাদ দি মই অকল [...]
Filed under: কিছু অনুভূতি
Social Tagging: সাংস্কৃতিক সন্ধিয়া
ৰঙালী বিহু অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন ধৰণে আনুষ্ঠানিকভাৱে উদ্যাপন কৰা হয় । “আনুষ্ঠানিকভাৱে” বুলি কওঁতে মই মঞ্চৰ বিহুৰ কথাই কব খুজিছো । কোনো কোনো নামজ্বলা শিল্পী আমন্ত্রণ কৰি আনি সাংস্কৃতিক সন্ধিয়া ইত্যাদিৰে জাকজমক্কৈ মঞ্চৰ বিহু উদ্যাপন কৰাটো আজিকালি সাধাৰণ কথা । আমি স্কুলত পঢ়া সময়ত(আজিৰপৰা মোটামোটি ১২-১৫ বছৰ আগতে) সাংস্কৃতিক সন্ধিয়া বস্তুটোৰ সিমান এটা [...]
Filed under: মোৰ ডায়েৰী
Social Tagging: অংগৰাগ মহন্ত • সাংস্কৃতিক সন্ধিয়া
কিছুদিনৰ আগতে অংগৰাগ মহন্তৰ সুললিত কন্ঠেৰে অলংকৃত সাংস্কৃতিক সন্ধিয়া উপভোগ কৰাৰ সৌভাগ্য হৈছিল । সুৰৰ ৰাগীত নিমগ্ন সহস্র দর্শকৰ এজন হবলৈ পাই মইও আনন্দিত অনুভৱ কৰিছিলো । সেই সন্ধিয়া মোৰ কেমেৰাত বন্দী হোৱা অংগৰাগ মহন্তৰ গান গাই থকা অৱস্থাৰ কেইখনমান আলোকচিত্রৰ এটি ক’লাজ ।
“আজৰি”ৰ তৰফৰ পৰা সমুহ অসমীয়া ৰাইজকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনালো ।
Filed under: কিছু অনুভূতি
Social Tagging: মহন্ত • মানস • মানস মহন্ত
যোৱাকালি গধুলি সময়ত অসমীয়া গায়ক শিল্পী শ্রী মানস মহন্তৰ সৈতে এঘণ্টা সময় অতিবাহিত কৰাৰ সুযোগ পাইছিলো । সেই এঘণ্টাৰ মাজতে হোৱা বহুতো হাঁহি ধেমালি আৰু মহন্তৰ সুললিত কণ্ঠৰে নিগৰি পৰা কেইটিমান গানৰ সুৰত উটি ভাহি খুব ভাল লাগিল । এই এঘণ্টাৰ অনুভৱখিনি সকলোৰে মাজত বিলাই দিও বুলি এই লেখাৰ অৱতাৰণা কৰিলো । চাকৰিসূত্রে মই আৰু [...]
এইবছৰৰ বাৰিষাৰ প্রথম বৰষুণজাক আজি উপভোগ কৰিলো । যোৱা কেইদিনমানৰ পৰা অলপ চলপকৈ কিন্কিনিয়া ধৰণে বৰষুণ দি আছে যদিও আজিহে ভালকৈ ডবাপিটা বৰষুণ দিছে । এই বৰষুণজাকে ধুৱাই নিয়ক সমাজৰ আৰু আমাৰ মনৰ পাপ কলুষ আৰু সকলো বেয়া । এটা নতুন সূর্যোদয়েৰে পোহৰাই তোলক আমাৰ জীৱন ….
কিছুদিনৰ আগতে “আজৰি”ত অনলাইন অসমীয়া ব্যাকৰণৰ দৰকাৰৰ বিষয়ে এটা অনুভৱ ব্যক্ত কৰিছিলো । কথাখিনিৰ সাৰমর্ম্ম এয়াই আছিল যে, অনলাইন অসমীয়া অভিধান(xobdo.org), অসমীয়া বিশ্বকোষ(as.wikipedia.org)ৰ দৰে অনলাইন অসমীয়া ব্যাকৰণ এখনৰো দৰকাৰ আছে । যোৱা কেইমাহমানৰপৰা ইন্টাৰনেটত অনলাইন অসমীয়া ব্যাকৰণ এখন বিচাৰি আছিলো । ভাবিছিলো তেনে কোনো ব্যাকৰণ থাকিবও পাৰে – হয়তো ময়হে গম নাপাওঁ । কিন্তু কিছু [...]
মানুহৰ জীৱনত বহুতো অবিস্মৰণীয় ঘটনা ঘটে । মোৰ জীৱনতো কেইটামান ঘটিছে । তাৰ ভিতৰত কিছুমান ঘটনা অবিস্মৰণীয় হোৱাৰ লগতে একোটা শিক্ষা দি থৈ যায় । অবিস্মৰণীয় বুলি কওঁতে, জীৱনৰ দিশ আৰু গতি সলনি কৰি দিব পৰা ধৰণৰ ঘটনাৰ কথা কোৱা নাই । মই বুজাইছো দৈনন্দিন জীৱনত ঘটা কিছুমান সৰু কিন্তু অবিস্মৰণীয় ঘটনা । এনেকুৱা ঘটনাবোৰ [...]
Filed under: মোৰ ডায়েৰী
Social Tagging: অসমীয়া • বিশ্বকোষ • ব্যাকৰণ • লিপি • শব্দকোষ
এটা ভাষাৰ মৌলিক উপাদান কেইটা হৈছে ১)লিপি, ২)শব্দকোষ, ৩)বিশ্বকোষ আৰু ৪) ব্যাকৰণ । মই কোনো ভাষাবিদ নহয়, গতিকে মোৰ সাধাৰণ ধ্যান ধাৰণাৰ পৰা যি অনুভৱ হৈছে তাকেই লিখিছো । এই কেইটাৰ বাহিৰেও অন্যান্য মৌলিক উপাদান থাকিব পাৰে । কিন্তু ওপৰোক্ত উপাদান কেইটাৰ গুৰুত্ব সর্বজন বিদিত । এই কেইটা উপাদান অবিহনে ভাষা এটা ভাষা বুলি [...]
Filed under: বতৰা
Social Tagging: জ্যোতিপ্রসাদ • জ্যোতিপ্রসাদ আগৰৱালা • শিল্পী দিৱস • ৰূপকোৱৰ
"আজৰি"ৰ সমুহ পঢ়ুৱৈ আৰু বৃহত্তৰ অসমীয়া ৰাইজলৈ " শিল্পী দিৱস "ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আৰু লগতে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱলৈ সশ্রদ্ধ প্রণাম যাচিলো ।


সৃষ্টিকামী মনটো এটা লেকাম নাইকীয়া ঘোৰাৰ দৰে | এই সৃষ্টিকামী মনটোৱে কল্পনাৰ বিচৰণস্থলিত অনাই-বনাই বিচৰণ কৰি থাকোতে সৃষ্টি হোৱা তৰংগসমুহ মনটোত পুঞ্জীভূত হয় | ইয়াৰ ফলশ্ৰুতি স্বৰুপে মনোৰাজ্যত সৃষ্টি হোৱা উকমুকনিৰ পৰা ৰক্ষা পাবলৈ পুঞ্জীভূত তৰংগসমুহ মাতৃভাষাৰ মাধ্যমেৰে নিষ্কাশিত কৰাৰ এক নিৰীহ প্ৰয়াস |
RSS