অসমীয়া ৱিকিপিডিয়া ত লিখা মেলা কৰিম বুলি বহুদিন আগতেই থিৰাং কৰি থৈছিলো। অসমীয়াত অলপ-অচৰপ লিখা মেলা মাজে মাজে কৰি থাকো। আৰু তাৰে প্ৰায়্ভাগেই “আজৰি”ৰ যোগেদি প্ৰকাশিত হয়। ইয়াৰ উপৰিওঁ ইচ্ছা কৰিলেই মই আন বহুতো প্ৰকাশন মঞ্চ অন্তঃজালত বিচাৰি লব পাৰো (যেনে ধৰক, ফেচবুক, wordpress.com ব্লগ, blogspot.com ব্লগ ইত্যাদি)।
কিন্তু এই সকলো বাদ দি মই অকল ৱিকিপিডিয়াতহে লিখিম বুলি থিৰাং কৰিলো কিয় ? ইয়াৰ কেইটামান কাৰণ আছে।
কাৰণকেইটা হ'ল, -
১) গুগুলত কিবা এটা শব্দ যদি আমি অসমীয়াত চাৰ্চ কৰো সেইটো কেতিয়াবা বিচাৰি পাওঁ, কেতিয়াবা নাপাওঁ। কিছুদিন অলপ সুক্ষ্মভাৱে নিৰীক্ষণ
কৰি অলপ বুজি উঠিলো যে, যদি আমি গুগুলত “অসমীয়া”, “ভাষা”, “অনুভৱ”, “কবিতা”, “সাহিত্য”, “অসম”, “সমাজ” ইত্যাদি ধৰণৰ শব্দ চাৰ্চ কৰো তাৰ যথাযথ আৰু একাধিক ফলাফল বিচাৰি পাম। কিন্তু যদি “মহাজাগতিক”, “বিদ্যুৎ-বিশ্লেষণ”, “বিশ্বতত্ত্ব”, “সালোক-সংশ্লেষণ”, “ভূস্থৈতিক” ইত্যাদি ধৰণৰ শব্দ চাৰ্চ কৰো অকল বাংলা ফলাফল কেইটামানহে বিচাৰি পাওঁ। “শব্দ” অভিধানৰ কেইটামান ফলাফলৰ বাহিৰে আন একো অসমীয়া ফলাফল দেখা পোৱা নাযায়। ইয়াৰ পৰা মই এটা কথাই বুজিবলৈ সক্ষম হৈছো যে, আমি অন্তঃজালত অসমীয়া ভাষাৰ অৱস্থিতি বিস্তাৰৰ বাবে যিখিনি কৰিছো তাৰ ফলস্বৰূপে অসমীয়া লিখনি বৃদ্ধি পাইছে হয়, কিন্তু এতিয়ালৈকে সৰহসংখ্যকেই অকল সাহিত্য চৰ্চাৰ বাবেহে অসমীয়াত লিখা মেলা কৰিছে। সাহিত্য চৰ্চা মানে, এই ধৰক কবিতা, গল্প, কোনো অনুভূতিৰ ওপৰত ভিত্তি কৰি লিখা প্ৰবন্ধ ইত্যাদি। এনেধৰণৰ লিখনিয়ে সাহিত্যৰ ভঁড়াল চহকী কৰে। তদুপৰি মতামত গঠন আৰু অন্যান্য বিভিন্ন সুচিন্তামূলক আলোচনা ইত্যাদিৰ যোগেৰে অসমীয়া মনোভাৱৰ প্ৰসাৰ আৰু উৎকৰ্ষ সাধন কৰে। গতিকে এনেধৰণৰ লিখনি নিতান্তই আৱশ্যকীয়। আৱশ্যকীয় বুলি নকৈ তেনেকুৱা ৰচনাসম্ভাৰক ভাষা সাহিত্যৰ অবিচ্ছেদ্য অংগ বুলিয়ো কব পাৰি। কিন্তু মোৰ বোধেৰে, অন্তঃজালত অসমীয়া ভাষাটো অকল ভাৱ প্ৰকাশৰ কৰাৰ মাধ্যম নহৈ তাৰ লগতে জ্ঞান আহৰণ আৰু জ্ঞান বিতৰণৰ মাধ্যম হোৱাটোওঁ বাঞ্ছনীয় । সেইটো হবলৈ হ'লে আমি সকলোৱে সামৰ্থ্য অনুযায়ী অন্তঃজালত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ওপৰত লিখনি প্ৰকাশ কৰিব লাগিব। আৰু সেই লিখনিবোৰ প্ৰকাশ কৰিবলৈ সকলোতকৈ ভাল প্ৰকাশন মঞ্চ মোৰ বোধেৰে অসমীয়া ৱিকিপিডিয়াই হ'ব।
২) ৱিকিপিডিয়া নহলেও অন্যান্য প্ৰকাশন মঞ্চতো লিখনিবোৰ প্ৰকাশ কৰিব পাৰি। যেনে ধৰক ফেচবুক, ব্যক্তিগত ব্লগ, মাহেকীয়া ই-আলোচনী ইত্যাদি। নিশ্চয়কৈ এই বিকল্পসমূহ ব্যৱহাৰ কৰিও তেনে লিখনিসমূহ প্ৰকাশ কৰিব পাৰি। কিন্তু ৱিকিপিডিয়াৰ কিছুমান সুবিধা আছে যিবোৰ অন্য কোনো মঞ্চতেই উপলব্ধ নহয়। – ইয়াত প্ৰকাশ পোৱা সকলো প্ৰবন্ধই কপিৰাইটৰ পৰা মুক্ত। ইয়াত আপুনি লিখা কোনো এটা প্ৰবন্ধ আন সকলোৱে সম্পাদন কৰিব পাৰে। আনকি আপুনিও নিজে আজি প্ৰকাশ কৰা এটা প্ৰবন্ধ পিচত যিকোনো সময়তে সম্পাদন কৰিব পাৰে। এনেদৰে বাৰম্বাৰ সম্পাদনাৰ ফলত একেটা প্ৰবন্ধৰ মান উন্নততৰ হৈ গৈ থাকে। একেটা প্ৰৱন্ধতে সময়ে সময়ে নতুন নতুন তথ্য সংযোগ হৈ গৈ থাকে। তেনেদৰে এটা সময়ত ই হৈ পৰে এক বৃহৎ জ্ঞানৰ ভাণ্ডাৰ।
৩) অন্তঃজালত অসমীয়া ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে আমাৰ হাতত আছে এখন অনলাইন অভিধান _ “শব্দ”। ? ঠিক তেনেদৰে এখন অনলাইন অসমীয়া বিশ্বকোষৰ দৰকাৰ অনুভৱ নকৰেনে ? অনলাইন বিশ্বকোষৰ প্ৰয়োজন পূৰ কৰিবলৈ ৱিকিপিডিয়াৰ বাহিৰে গত্যন্তৰ নাই।
অসমীয়া ৱিকিপিডিয়াত সদস্যৰ সংখ্যা খুবেই কম। পৃথিৱীৰ অন্যান্য বহুতো ভাষাত ৱিকিপিডিয়া আছে। আন আন ভাষাৰ ৱিকিপিডিয়াসমূহৰ তুলনাত অসমীয়া ৱিকিপিডিয়াত সদস্য আৰু লিখনিৰ সংখ্যা দুঃখজনকভাৱে কম।
সেয়েহে এই লিখনিৰ জৰিয়তে বৃহত্তৰ অসমীয়া ইউনিক'ডিয়ান ৰাইজক অসমীয়া ৱিকিপিডিয়াত সামৰ্থ্য অনুযায়ী লিখনি আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনালো।


