শ্ৰদ্ধাঞ্জলি

কিছুদিনৰ আগতে আমাৰ অতিকে মৰমৰ ড০ ভুপেন হাজৰিকাদেৱৰ দেহাৱসান ঘটিল ৷ ভাবিলে আচৰিত যেন লাগে ৷ বিশ্বাসেই নহয় ৷ এনেকুৱা লাগে যেন আজিও তেওঁ আমাৰ মাজতেই আছে ৷ যেন ''বুকু হ'ম হ'ম কৰে'' গানৰ জৰিয়তে আজিও বুকুৰ বেদনা সুৰৰ নিজৰাৰুপে বোৱায়েই আছে ৷যেন ''বিস্তীৰ্ণ পাৰৰে'' গানেৰে আজিও বৰলুইতক প্রত্যাহ্বান জনায়েই আছে ৷ সচাকৈ, আমাৰো বুকু হ'ম হ'ম কৰে যেতিয়াই কল্পনা জগতৰ পৰা বাস্তৱ জগতলৈ ঘুৰি আহি উপলব্ধি কৰো – হাজৰিকাদেৱ আৰু নাই ৷
 

হাজৰিকাদেৱৰ নিচিনা মানুহ পাবলৈ খুব টান ৷ অসমবাসীৰ মাজৰ পৰা কোনোবা দ্বিতীয় এজন ভুপেন হাজৰিকা বা হাজৰিকাদেৱৰ সতে তুলনাযোগ্য কোনোবা এজন সমীপ ভৱিষ্যতত ওলাব বুলি আশা কৰাটো সমুলি মিছা ৷ সেইবুলি একেবাৰে নিৰাশাজনক পৰিস্থিতি এটাৰ কথা কোৱা নাই ৷ বাস্তৱ সত্য যেন লগা কথা এটাহে সোঁৱৰাই দিছো ৷ মুঠৰ ওপৰত কবলৈ গ'লে হাজৰিকাদেৱৰ দেহাৱসানে অসমীয়া জাতিৰ যি ক্ষতি কৰিলে, সেইটো কোনেও কাহানিও কোনোপধ্যে পৰিপূৰ্ণ কৰিব নোৱাৰে ৷

অসমীয়া ভাষা সাহিত্যৰ ঘাইশিপাদাল ডাঙৰ দীঘল আৰু মজবুত বনোৱাত অন্যতম বৰঙণি যোগোৱা মহিষী সকলৰ নাম মনত পেলালে পোনপ্ৰথমে মনলৈ আহে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কথা ৷ তেখেতে অসমীয়া ভাষাৰ প্রতিটো দিশতেই বৰঙণি যোগাই থৈ গৈছে ৷ সেইকাৰণে বেজবৰুৱাদেৱৰ দ্বাৰা লিখিত কবিতা, গল্প, প্রৱন্ধৰ পৰা আৰম্ভ কৰি আইনাম, বিয়ানামলৈকে শুনিব পোৱা যায় ৷ তেখেতৰ নিচিনাকৈ হাজৰিকাদেৱেও অসমীয়া সংস্কৃতিৰ বহুকেইটা দিশ চহকী কৰি থৈ গৈছে ৷ হাজৰিকাদেৱ একেধাৰে এজন কবি, গীতিকাৰ, সুৰকাৰ, সাংবাদিক, বোলছবি নির্মাতা, আৰু লিখক ৷ গতিকে তেখেতেক অসমৰ ''লিওনাৰ্ড' দা ভিন্সি'' বুলি কলেও বঢ়াই কোৱা নহয় ৷

হাজৰিকাদেৱ আমাৰ হৃদয়ত চিৰদিনলৈ এখন বিশেষ আসন অধিকাৰ কৰি জীয়াই থাকিব ৷ স্বৰ্গীয় ভুপেন হাজৰিকাদেৱলৈ ''আজৰি''ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিলো ৷

This entry was posted in মোৰ ডায়েৰী. Bookmark the permalink.

Leave a Reply