আমাক অসমীয়া ৱেবচাইত কিয় লাগে ?


য়োৱা কেইবছৰমানৰ পৰা ভাৰতৰ প্ৰাদেশিক ভাষাসমুহত প্ৰকশিত ৱেবচাইতৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে | অসমীয়া ভাষাৰ ৱেবচাইতৰ সংখ্যা নিচেই তাকৰ যদিও এক-দুইকৈ ইয়াৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে |

এইখিনিতে এটা প্ৰশ্ন আমাৰ মনলৈ আহিব পাৰে যে আমাক অসমীয়া ৱেবচাইত লাগে কিয় ? আমাৰ অসমীয়া ভাষাত কি নাই ? সকলো খিনিয়েই আছে | ইলেট্ৰনিক মাধ্যমত অসমীয়া দুৰদৰ্শন কেন্দ্ৰ আৰু চপা মাধ্যমত বুজন সংখ্যক বাতৰি-কাকত, আলোচনী ইত্যাদি আছে |গল্প, উপন্যাস, কবিতাৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন বিষয়ৰ ওপৰত লিখা হাজাৰ হাজাৰ কিতাপ আছে | অসমীয়া ভাষাৰ বিভিন্ন দিশ আৰু উপাদানৰ ওপৰত বহুতো গৱেষণা সম্পাদন কৰা হৈছে | এই সকলোবোৰৰ উপৰিও অসমীয়া ভাষা সাহিত্যৰ লালন-পালন আৰু বৰ্দ্ধনৰ বাবে আমাৰ আছে "অসম সাহিত্য সভা" |

এই সকলোবোৰ মিলি অসমীয়া ভাষাৰ শক্তিশালী শিপাডাল গঢ় লৈছে | এনে ক্ষেত্ৰত আমাক অসমীয়া ৱেবচাইতৰ এনেকুৱা অনিবাৰ্য্য দৰকাৰ সচাকৈ আছে নেকি ?

ঠিকেই | প্ৰশ্নটো অযুক্তিকৰ নহয় | আমাৰ অসমীয়া ভাষা খুবেই চহকী আৰু সমৃদ্ধ | কিন্তু তাৰ লগতে এইটো কথাও পাহৰিব নালাগিব যে দিনবোৰ সদায় একে নাযায় | আজিকালিৰ যুগটো ইন্টাৰনেটৰ যুগ | আগৰ নিচিনা, কৰবালৈ যোৱাৰ আগতে মানুহক সুধি ঠাইটুকুৰাৰ বিষয়ে জানি লোৱাতকৈ ইন্টাৰনেটত ""চাৰ্চ"" কৰি জানি লোৱাৰ অভ্যাস গঢ় লৈ উঠিছে | এইটো এটা উদাহৰণহে মাথো | কাইলৈ হয়তো কোনো অসমীয়া শব্দৰ অৰ্থ "হেমকোষ"ৰ সলনি ইন্টাৰনেটত বিচৰা হ’ব | হয়তো আমাৰ পিচৰ প্ৰজন্মই লক্ষীনাথ বেজবৰুৱাৰ হাহিৰ খোৰাক আৰু ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ গল্প সম্ভাৰ ইন্টাৰনেটতেই বিচাৰিব | তেতিয়া যদি সিহতে সেইবোৰ ইন্টাৰনেটত বিচাৰি নাপায় তেন্তে আমি নাভাবো যে সিহতে কষ্ট কৰি সেই কিতাপবোৰ বিচাৰি আনি পঢ়িব | হয়তো পাঠকসকলে বুজি পাইছেই মই কি কব বিচাৰিছো |

গতিকে সময় থকোতেই কিবা নকৰিলে পিচত লৰা ধপৰা কৰি লাভ নাই | আহক, আমি "ৱৰ্ল্ড ৱাইদ ৱেব"ৰ পৃথিৱীখনলৈ আমাৰ মাতৃভাষাক আগবঢ়াই নিও |


This entry was posted in কিছু অনুভূতি. Bookmark the permalink.

Leave a Reply