মানস মহন্তৰ সৈতে এঘণ্টা

যোৱাকালি গধুলি সময়ত অসমীয়া গায়ক শিল্পী শ্রী মানস মহন্তৰ সৈতে এঘণ্টা সময় অতিবাহিত কৰাৰ সুযোগ পাইছিলো । সেই এঘণ্টাৰ মাজতে হোৱা বহুতো হাঁহি ধেমালি আৰু 

মানস মহন্ত
গীটাৰ হাতত লৈ সুৰৰ ৰাগীত নিমজ্জিত হৈ থকাজনেই শ্রী মানস মহন্ত

মহন্তৰ সুললিত কণ্ঠৰে নিগৰি পৰা কেইটিমান গানৰ সুৰত উটি ভাহি খুব ভাল লাগিল । এই এঘণ্টাৰ অনুভৱখিনি সকলোৰে মাজত বিলাই দিও বুলি এই লেখাৰ অৱতাৰণা কৰিলো ।

চাকৰিসূত্রে মই আৰু মোৰ লগৰ বহুকেইজন অবিবাহিত সহকর্মী একেলগে কোম্পানীয়ে দিয়া গেষ্ট হাউচ এটাত থাকো । নামত যদিও গেষ্ট হাউচ, ই আচলতে অবিবাহিত কর্মী সকলৰ বসতিৰ বাবেহে ব্যৱহৃত হৈ আহিছে যুগে যুগে, আৰু সেইসূত্রে ই গেষ্ট হাউচ নহৈ কলেজীয়া ল’ৰাৰ ছাত্রাবাস যেনহে অনুভৱ হয় । পৰিবেশটোওঁ ছাত্রাবাসৰ নিচিনাই ।

মোৰ সহকর্মী সকলৰ বহুতৰে আজৰি সময় কটোৱাৰ বাবে নিজা নিজা পন্থা আছে । কোনোবাই গান গায়, কোনোবাই কিতাপ পঢ়ে, কোনোবাই আকৌ চিনেমা চায়েই কটাই দিয়ে । তাৰে ভিতৰত কেইজনমান আকৌ খুব বেছি সংগীত বলিয়া । তেখেতসকলৰ ৰুমবোৰৰ পৰা অনবৰতে গীটাৰ, কী-ব’র্ড ইত্যাদিৰ শব্দ পোৱা যায় । তাৰে এজনৰ ৰুমটো, মোৰ ৰুমৰ ওচৰতেই । তেখেতৰ নাম শ্রীসুৰজিৎ বণিক । তেখেতৰ ৰুমত অনবৰতে বিভিন্ন কলাপ্রেমী ৰাইজৰ আহ-জাহ ঘটি থাকে ।

এতিয়া মুল কথাটোলৈ আহো । আমাৰ খোৱা লোৱা ব্যৱস্থা গেষ্ট হাউচৰ সমূহীয়া মেচত । যোৱাকালি ৰাতি ভাত খাই আহোতে অন্যমনস্ক হৈ বণিকৰ ৰুমৰ দর্জাৰে ভুমুকিয়াই চালো । ৰুমটোৰ পৰা গীটাৰ আদিৰ শব্দ আহি আছিল । ই সাধাৰণ কথা । কিন্তু দর্জা খোলাৰ লগে লগেই কেইবাজনো চিনাকি-অচিনাকি মানুহৰ উপস্থিতিয়ে অলপ অপ্রস্তুত কৰি তুলিলে । কোনোবাই গীটাৰ বজাই আছে । কোনোবাই কী-ব’র্ড । লক্ষ্য কৰিলো এজনে নিজে গীটাৰ বজাই গান গাই আছে আৰু বাকীবোৰে তেখেতৰ গান উপভোগ কৰিছে । যেন এটা মেহ্‍ফিল । মই ঠিকেই ধৰিছো, মেহ্‍ফিলেই চলি আছিল । কিয়নো তাৰে দুজনমানৰ হাতত ৰঙা পানীয়ৰ গীলাচও দেখিলো । কিন্তু লক্ষণীয়্ভাৱে সকলোবোৰ মানুহেই সংযত অৱস্থাত আছিল । সকলোৱে মাথো উপভোগ কৰিছে মে‌হ্‍ফিলটো । এনেতে মই ভুমুকি মৰা দেখি বণিক আগুৱাই আহি মোক আদৰি নিলেহি ৰুমটোৰ মাজ-মজিয়ালৈ । ময়ো যাওঁ-নাযাওঁকৈ আগুৱাই গ’লো । তেতিয়াহে লক্ষ্য কৰিলো, ৰুমটোত ন-জন মানুহ উপস্থিত আছে আৰু তাৰে তিনিজনক বাদ দি বাকীবোৰ আমাৰ সহকর্মী । বহিৰাগত তিনিজনৰ ভিতৰতো এজনক মই চিনি পাওঁ আগৰপৰাই । বাকী দুজনৰ এজন হৈছে সেই মানুহজন যাৰ গান সকলোৱে উপভোগ কৰি আছিল । দুয়োজনৰ লগত বণিকে চিনাকী কৰাই দিলে । চিনাকী পর্ব শেষ হোৱাৰ পিচতে সকলোৱে পুনৰ ব্যস্ত হৈ পৰিল গান উপভোগ কৰাত । এনেকুৱা লাগিল যেন মোৰ প্রৱেশে তেখেতসকলৰ বাবে ক্ষণিক বিৰতিৰ কাম কৰিলে ।

আকৌ আৰম্ভ হ’ল গানৰ লহৰ । ময়ো ব্যস্ত হৈ পৰিলো গান উপভোগ কৰাত । মই নিজে কেতিয়াও গান গাই পোৱা নাই । আনকি কোনোধৰণৰ বাদ্য যন্ত্রওঁ হাতত লৈ পোৱা নাই । কিন্তু গানৰ ভাল বেয়া সম্পর্কে নূন্যতম ৰুচিবোধখিনি মোৰ আছে বুলি ভাবো । সেই মানুহজনে গান গাবলৈ আৰম্ভ কৰাৰ আগতে তেখেতৰপৰা মোৰ খুব বেছি প্রত্যাশা নাছিল । কিন্তু যেই তেখেতে গীটাৰৰ তাঁৰত হাত বুলাই গান আৰম্ভ কৰিলে, অনুভৱ কৰিলো যেন আজি সচাঁকৈয়ে কোনো ভাল গায়কৰ কণ্ঠ উপভোগ কৰিবলৈ পাম । খুব সুললিত ভাবেৰে এটাৰ পিচত এটাকৈ গোৱা তিনিটা গানে নিমিষতে বিভোৰিত কৰি তুলিলে । চিনাকি পর্ব্বতে বণিকে কোৱা নামটো সিমান গুৰুত্ব সহকাৰে নোলোৱা বাবে ইতিমধ্যেই পাহৰি গৈছিলো । ই মোৰ এশ-এবুৰি বেয়া স্বভাৱৰ ভিতৰত অন্যতম । কিন্তু তেখেতৰ গান শুনাৰ পিচত মই তেখেতৰ নামটো জানিবলৈ উৎসুক হৈ পৰিছিলো । এতিয়া কথা হ’ল নামটো পুনৰুদ্ধাৰ কৰা যায় কেনেকৈ । তেনেতে মন কৰিলো বণিকে তেখেতক “মানস-দা” বুলি সম্বোধন কৰিছে । গতিকে তেখেতৰ সম্পূর্ণ নামটো কি বাৰু । এনেতে আকৌ লক্ষ্য কৰিলো তেখেতৰ লগত অহা আন এজন আলহীয়ে(যিজনক মই আগৰেপৰা চিনি পাওঁ) তেখেতক “মহন্ত” বুলি সম্বোধন কৰিছে । বচ্‍ হৈ গ’ল । তাৰমানে তেখেতৰ নাম “মানস মহন্ত” ।

নামটোৰ লগত জড়িত সমস্যাখিনি সমাধান হোৱাৰপিচত মই একান্তমনে তেখেতৰ গান উপভোগ কৰাত ব্যস্ত হৈ পৰিলো । ৰুমটোৰ অন্যান্য হৈ চৈ মোৰ কাণত নপৰিল । দুবাৰমান ভাবিলো চলিত গানটো শেষ কৰি নিজৰ ৰুমলৈ যাওঁ – ৰাতি বহুখিনি হ’ল । কিন্তু আহিম বুলি ভাবিও আহিব নোৱাৰিলো । যেন তেখেতৰ গানে মোক ৰুমটোত বান্ধিহে ৰাখিছে । খুব সুললিত কন্ঠেৰে গোৱা সাধাৰণ কথা কিন্তু অসাধাৰণ সুৰৰ গানকেইটাৰ বাবে বাৰে বাৰে ফর্মাইচ আহিছিল । একেটা গানকে দুবাৰ তিনিবাৰ গাব লগা অৱস্থা হৈ পৰিছিল । আটাইকেইটা গানৰ ভিতৰত “নষ্টালজিয়া” গানটো মোৰ সকলোতকৈ ভাল লাগিল ।

ৰাতি আগবঢ়াৰ লগে লগে মেহফিল ভাঙিবলৈ ধৰিলে । ময়ো মহন্তক তেখেতৰ গানৰ বাবে ধন্যবাদ আৰু প্রশংসা জনাই সকলোৰে পৰা বিদাই ললো ।

নিজৰ ৰুমলৈ আহি বিচনাত দীঘল দিয়াৰ বহু পিচলৈও টোপনি অহা নাছিল । মনটো বহুদিনাৰ মুৰত অলপ বেলেগ ধৰণৰ ফৰকাল লাগিছিল ।

ভাবিছিলো, এই অনন্য অনুভূতি ধৰি ৰখাৰ উপায় কি ? আৰু এনেকুৱা অনুভূতি আমি সততে বিছাৰি নাপাওঁ কিয় ? সৃষ্টিশীল মানুহৰ মাজত থকিলে মনটো সংস্কৃত হৈ থকা যেন লাগে । “যেন লাগে” নহয় । মই ন দি কব পাৰো – থাকেই । মই অনুভৱ কৰিব পাৰিছো ।

মহন্তৰ সংগীতে আমাকো অনুপ্রাণিত কৰিলে, লগতে সৃষ্টিৰ বিমল সুখৰ লগত চিনাকী কৰাই দিলে । ভাৱ হয়, আমি তেখেতৰ গান শুনিয়েই যদি ইমান সুখ অনুভৱ কৰিছো, তেন্তে তেখেতৰ নিজে গাই কিমান ভাল লাগিল বাৰু । কথাটো মনলৈ অহাৰ লগে লগে তেখেতৰ প্রতি অলপ ঈর্শাৰ ভাৱ জাগি উঠিল!! ঈর্ষা এইবাবে নহয় যে তেখেতে ইমান ভাল গাব পাৰে, আমি নোৱাৰো । ঈর্ষা এইবাবেহে যে, ধুনীয়া গান গাব পৰা বাবে তেখেতে সৃষ্টিৰ বিমল সুখেৰে সুখী, যি সুখ এতিয়ালৈ আমাৰ ভাগ্যত হোৱা নাই ।

আমিও কম বেছি পৰিমাণে সৃষ্টিশীল কামত জড়িত হৈ থাকো । তেন্তে আমি সেই বিমল সুখ অনুভৱ কৰিব নোৱাৰো কিয় ? উত্তৰটো তেনেই সহজ । কোনো সৃষ্টি, গজালি মেলি ডাঙৰ হৈ বৃক্ষত পৰিণত হওতে সময় লাগে । সময়ৰ লগতে তাত পানী আৰু সাৰৰ যোগান ধৰাতোওঁ আমাৰ কর্তব্য । মানস মহন্তৰ দৰে শিল্পীৰ সৃষ্টিশীলতা বৃক্ষত পৰিণত হৈছে(মোৰ বোধেৰে) । কিন্কিতুন্তু আমাৰ সৃষ্টিশীল মনটোৱে সময়, পানী আৰু সাৰৰ অভাৱত অকালতে মেমেৰী যোৱাৰ উপক্রম হৈছে । আমি সৃষ্টিশীলতাক সময় যোগান ধৰাৰ সলনি, অৱসৰ সময়খিনি সদ্‍ব্যৱহাৰ কৰিবলৈ সৃষ্টিশীল কামত ব্রতী হওঁ । গতিকে, আমাৰ বাবে সময়খিনি সদ্‍ব্যৱহাৰ কৰাটোহে প্রকৃত লক্ষ্য । তাৰ মাজতে যদি কিবা ভাল সৃষ্টি গঢ় লৈ উঠিল, ভাল কথা । নুঠিলেও নাই ।

 

Posted in কিছু অনুভূতি | Tagged , , | Leave a comment

বৰষুণ

এইবছৰৰ বাৰিষাৰ প্রথম বৰষুণজাক আজি উপভোগ কৰিলো । যোৱা কেইদিনমানৰ পৰা অলপ চলপকৈ কিন্‌কিনিয়া ধৰণে বৰষুণ দি আছে যদিও আজিহে ভালকৈ ডবাপিটা বৰষুণ দিছে ।

এই বৰষুণজাকে ধুৱাই নিয়ক সমাজৰ আৰু আমাৰ মনৰ পাপ কলুষ আৰু সকলো বেয়া ।

এটা নতুন সূর্যোদয়েৰে পোহৰাই তোলক আমাৰ জীৱন ….

 

Posted in মোৰ ডায়েৰী | Tagged | Leave a comment

অসমীয়া ব্যাকৰণ

কিছুদিনৰ আগতে “আজৰি”ত অনলাইন অসমীয়া ব্যাকৰণৰ দৰকাৰৰ বিষয়ে এটা অনুভৱ ব্যক্ত কৰিছিলো । কথাখিনিৰ সাৰমর্ম্ম এয়াই আছিল যে, অনলাইন অসমীয়া অভিধান(xobdo.org), অসমীয়া বিশ্বকোষ(as.wikipedia.org)ৰ দৰে অনলাইন অসমীয়া ব্যাকৰণ এখনৰো দৰকাৰ আছে ।

যোৱা কেইমাহমানৰপৰা ইন্টাৰনেটত অনলাইন অসমীয়া ব্যাকৰণ এখন বিচাৰি আছিলো । ভাবিছিলো তেনে কোনো ব্যাকৰণ থাকিবও পাৰে – হয়তো ময়হে গম নাপাওঁ । কিন্তু কিছু বিচাৰ-খোঁচাৰ কৰা স্বত্তেও, আনকি ফেচবুকত তেনেকুৱা গ্রুপ আৰু প’ষ্ট বিচাৰি ছোৱাৰ পিচতো যেতিয়া তেনে কোনো ব্যাকৰণৰ শুংসূত্ৰ দেখা নাপালো, তেতিয়াহে “আমাক ব্যাকৰণ লাগে” প’ষ্টটোৰ যোগেদি অনুভৱখিনি প্রকাশ কৰিছিলো ।

কিন্তু যোৱাকালি হঠাতে বিচাৰি পালো এখন নির্মীয়মান অসমীয়া অনলাইন ব্যাকৰণ । সত্যনাথ বৰা ৰচিত “অসমীয়া ভাষাৰ বহল ব্যাকৰণ”খন ডিজিটেল ৰূপত প্রকাশ হবলৈ লৈছে আছামিজ অনলাইন ডট কম নামৰ ৱেবচাইতত । তলত দিয়া য়ু-আৰ-এলত উপলদ্ধ এই ব্যাকৰণ ।

http://assameseonline.com/full_text.php?recordID=48

যিহেতু ব্যাকৰণখন নির্মীয়মান ৰূপত আছে, গতিকে ইয়াৰ বেছিভাগ অংশই সদ্যহতে নিষ্ক্ৰিয় । সময় যোৱাৰ লগে লগে গোটেই ব্যাকৰণখন প্রাণ পাই উঠিব বুলি আশা কৰিছো । এই কামত জড়িত সকললৈ শুভেচ্ছা থাকিল । প্রচেষ্টাৰ শলাগ ললো ।

এই চেগতে আছামিজ অনলাইন ডট কমৰ দীর্ঘায়ু কামনা কৰিলো ।

Posted in মোৰ ডায়েৰী | Tagged | Leave a comment

এজন ৰিক্সাৱালা

মানুহৰ জীৱনত বহুতো অবিস্মৰণীয় ঘটনা ঘটে । মোৰ জীৱনতো কেইটামান ঘটিছে । তাৰ ভিতৰত কিছুমান ঘটনা অবিস্মৰণীয় হোৱাৰ লগতে একোটা শিক্ষা দি থৈ যায় । অবিস্মৰণীয় বুলি কওঁতে, জীৱনৰ দিশ আৰু গতি সলনি কৰি দিব পৰা ধৰণৰ ঘটনাৰ কথা কোৱা নাই । মই বুজাইছো দৈনন্দিন জীৱনত ঘটা কিছুমান সৰু কিন্তু অবিস্মৰণীয় ঘটনা । এনেকুৱা ঘটনাবোৰ সৰু হ’লেও আমাৰ মনত সাঁচ বহুৱাই থৈ যায় । আজি মই মোৰ লগত ঘটা তেনেকুৱা এটা ঘটনাৰ কথা লিখিবলৈ ওলাইছো ।

মই চাকৰিত জইন কৰাৰ পিছত প্রথম দুবছৰ সময় কলিকতা মহানগৰীত থকাৰ সৌভাগ্য হৈছিল । তাৰপিছত ত্রেন্সফাৰ হৈ বেলেগ ঠাইলৈ গ’লো । সৌভাগ্য বুলি এই-কাৰণেই কৈছো কিয়নো তাৰ পিছৰ সময়ছোৱাত এতিয়ালৈকে কোনো মহানগৰীত চাকৰিসূত্রে সংস্থাপিত হোৱাৰ সুযোগ পোৱা নাই । সৌভাগ্য বুলি এইকাৰণেও কৈছো কিয়নো সেইয়াই এই অধমৰ জীৱনত পোন- প্রথমবাৰৰ বাবে অসমৰ বাহিৰৰ কোনো মহানগৰী দর্শন আৰু ক্ষণিক দীর্ঘদিনীয়া(দুবছৰ) সংস্থাপন । যি কি নহওঁক, আমি(মই আৰু শ্রীৰুপজিৎ বৈশ্য) কলিকতাত খুব স্ফূৰ্তি কৰিছিলো । বৈশ্য, মোৰ লগত কলিকতাত একেলগে আছিল । তেখেত মোৰ কলেজীয়া সহপাঠী আৰু বর্ত্তমানৰ সহকর্মী । আমি একেলগে চাকৰিত জইন কৰিছিলো । দিনটোৰ কামৰ মেটমৰা বোজাৰ পৰা মুক্তি পাওঁতে গধূলি সাত মান বাজে যদিও, তাৰ পিচত অ’ত ত’ত এপাক দুপাক মাৰি ঘৰ(ভাড়াঘৰ) সুমাওঁতে ৰাতি দহমান বজাটো নিত্যনৈমিত্তিক হৈ পৰিছিল । আমি কলিকতাত থকা সময়ছোৱাত আমাৰ সহপাঠীসকল চাকৰিসূত্রে ভাৰতবর্ষৰ বিভিন্ন প্রান্তত সংস্থাপিত হৈছিল । গতিকে তেৰা-সৱই ঘৰলৈ(অসম) আহোতে আৰু ঘৰৰ পৰা কর্মস্থলী অভিমূখে যাওঁতে কলিকতাস্থিত আমাৰ ভাড়াঘৰটো transit point হিছাপে ব্যৱহাৰ কৰিছিল । সেই দৰকাৰৰ প্রতি লক্ষ্য ৰাখিয়ে আমি আগে ভাগে অলপ ডাঙৰ ঘৰ এটা ভাড়া লৈছিলো । তাৰ লগতে বিচনা-পত্র, কাপোৰ-কানি আদি সা – সুবিধাখিনিও সৰহকৈ যোগাৰ কৰি থৈছিলো ।

সেই সময়ত আমাৰ সহপাঠী শ্রীডুলুমণি দাস ডিব্রুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পর্য্যায়ত পঢ়ি আছিল আৰু তেখেতে summer internship কৰিবলৈ কলিকতা মহানগৰীত উপস্থিত হৈছিল । ফোনযোগে কথা বার্ত্তা হোৱাৰ পিচত তেখেতক আমাৰ লগতে থাকিবলৈ প্রস্তাৱ আগবঢ়ালো আৰু সেইমর্মে তেখেতে আমাৰ লগতে থাকিবলৈ ললে । দুজনৰ পৰা তিনিজন হ’লো যেতিয়া ভালেই লাগিল । শনিবাৰ, ৰবিবাৰে আমি ঘৰৰ ভাত খুব কমেহে খাওঁ । মাল্টিপ্লেক্সত চিনেমা খুব কমেহে বাদ পৰিছিল । সেই সময়ত চল্টলেক স্থিত “চিটি চেন্টাৰ” আৰু পার্ক ষ্ট্রীট স্থিত “তন্ত্রা” হৈ পৰিছিল আমাৰ ৰম্যভূমি । চিটি চেন্টাৰ যাবলৈ হ’লে আমি বাচ বা মেট্র’ৰে এঠাইলৈ গৈ তাৰ পিচত ৰিক্সাৰে উপস্থিত হৈছিলো । ঠিক তেনেদৰে উভটনি যাত্রাত প্রথমতে ৰিক্সা আৰু তাৰপিচত বাচ । তনেকুৱা এদিনৰ কথা । আমি দুপৰীয়া দুটা বজাৰ চিনেমা চাই অলপ ইফাল সিফাল ঘূৰি আহিব ওলাইছো । সময় গধূলি সাত আঠমান বাজিছে । গৰমৰ দিন যেন মনত পৰে । আমি ৰিক্সাষ্টেণ্ডলৈ আহি ৰৈছোহি । দুই – তিনিজনমান ৰিক্সাৱালা আগুৱাই আহিল । আমি মানুহ তিনিজন – মই, ৰুপজিৎ আৰু ডুলুমণি । এজনৰো চেহেৰা খুব পয়ালগা ধৰণৰ নহয় । গতিকে ৰিক্সা দুখন লবই লাগিব । বেছি চিন্তা নকৰি মই আৰু ডুলুমণি এখনত আৰু ৰুপজিৎ আন এখনত উঠি বহিলো । ৰিক্সা দুখন আগবাঢ়িল । আমাৰখন আগে আগে, আনখন পিচে পিচে ।ষ্ট্রীটলাইটৰ পোহৰত গছ- গছনিৰ ছাঁ আৰু ওচৰেৰে পাৰ হৈ যোৱা গাড়ী মটৰৰ শব্দ । কলিকতা মহানগৰীৰ এক নিত্তান্তই স্বাভাৱিক পৰিৱেশ । এনেতে দেখিলো গাড়ী মটৰৰ ভীৰ কম হোৱা চেগ লৈ আনখন ৰিক্সা আমাতকৈ আগুৱাই যাব ধৰিছে । মই মুৰ ঘুৰাই চালো । এনেতে দেখিলো ৰুপজিৎ বৈশ্যই আমাক কিবা কব খুজিছে । মই বুজি পোৱা নাই । ঠিক ক’ব খুজা নাই । কাৰণ, দুয়োখন ৰিক্সা ওচৰা ওচৰিকৈয়ে গৈ আছে । অলপ জোৰেৰে ক’লে আমি ভালদৰে শুনা পাওঁ । কিন্তু বৈশ্যই মুখেৰে একো শব্দ কৰা নাই । যেন কথাখিনি ৰিক্সাৱালাটোৱে শুনাটো বিচৰা নাই । মই একো বুজি পোৱা নাই । বাৰে বাৰে বৈশ্যৰ ফালে প্রশ্নবোধক দৃষ্টিৰে চাই আছো । এনেতে লক্ষ্য কৰিলো বৈশ্যই ৰিক্সাৱালাজনৰ ভৰিৰ ফালে আঙুলিয়াই দেখাইছে । মইও ৰিক্সাৱালাজনৰ ভৰিৰফালে লক্ষ্য কৰিলো । হঠাতে মোৰ চকুত যিটো দৃশ্য পৰিল তাক মই গোটেই জীৱন পাহৰিব নোৱাৰো । বুকুখন চিৰিংকৈ গ’ল । বুকুৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক তৰংগই গোটেই শৰীৰ মিহিকৈ কঁপাই তুলিলে । মই দেখিলো, ৰিক্সাৱালাজনৰ এখন ভৰি নাই!! । নাই মানে ভৰিখন আধাতে কটা । বোধহয়জ্কিবা দুর্ঘটনা বা বেমাৰ আজাৰৰ পৰিণতি । কিন্তু যিটো কথাই মোৰ মনটো জোকাৰিলে, সেইটো হ’ল তেনেকুৱা এজন মানুহে জীৱিকা নির্বাহৰ বাবে বিছাৰি লৈছে তেনে এটা কাম যিটো দুখন ভৰি থকা মানুহৰ বাবেই বহু কষ্টসাধ্য । বোধহয় বৈশ্যৰ মনতো একেই চিন্তা আহিছিল । এইখিনি সময়তে মই নিজকে বৈশ্যৰ ঠাইত কল্পনা কৰিবলৈ চেষ্টা কৰিলো । মনটো আৰু বেছিকৈ বেয়া লাগিল । মই হ’লো হাত ভৰি কর্মঠ অৱস্থাত থকা এজন সুস্থ যুৱক । আৰু সেইজন হৈছে এখন ভৰি নাইকীয়া এজন ৰিক্সাৱালা – যিয়ে এখন ভৰিৰেই কঢ়িয়াইছে ৰিক্সা আৰু মোৰ ওজন । কথাটো তেনে এটা দিশৰপৰা ভবাৰ লগে লগে ৰিক্সাৰ পৰা নামি দিবলৈ মন গৈছিল । নিজকে সেই মানুহজনৰ ওপৰত কিবা বোজা যেন অনুভৱ হৈছিল ।

কিছুসময় তেনেদৰে মনৰ মাজত ধুমুহা চলাৰ পিচত নিজকে শান্ত কৰাইছিলো বিভিন্ন বুজনি দি । মনে মনে মানুহজনৰ সাহস আৰু মানসিক শক্তিৰ ওচৰত নতশিৰ হৈছিলো । মনে মনে ভাবিছিলো, ধন্য সেইসকল যিসকলে এই মানুহজনক স্বামী, দেউতা অথবা ভাতৃ হিছাপে পাইছে । এনেদৰে চিন্তাৰ মাজত বুৰ গৈ থাকোতেই আমাৰ গন্তব্যস্থান পালোগৈ । পিছলৈ বৈশ্যৰ পৰা জানিব পাৰিছিলো তেখেতৰো বুলে মোৰ নিচিনাই অনুভৱ হৈছিল । আনকি তেখেতে বুলে মাজতে ৰিক্সাখন ৰখাবলৈ ওলাইছিলেই । পিচে মানুহজনৰ শাৰিৰীক অক্ষমতাক ইতিকিং কৰা যেন হ’ব বুলি অনুভৱ হোৱাত নৰখালে আৰু । অ, এটা কথা কবলৈ পাহৰিছিলোৱেই । কথাটো চাগে আপুনিও ভাবিছে এতিয়ালৈকে । কথাটো হ’ল, এখন ভৰিৰে মানুহজনে ৰিক্সা চলায় কেনেদৰে ? মানুহজনে ৰিক্সাখন চলাওতে পেডেল ডাল যোৰেৰে ঠেলি তললৈ পঠিয়ায় । গতি জড়তাৰ বাবে, পেডেল ডাল ঘুৰি নিজে ওপৰলৈ আহে । তাৰপিচত আকৌ তললৈ ঠেলি পঠিয়ায় … একেটা চক্রৰে পুনৰাবৃত্তি । সেইবাবে ৰিক্সাখন অলপ বেগেৰে চলালে সুবিধা হয় ।

Posted in মোৰ ডায়েৰী | Tagged , | Leave a comment

আমাক ব্যাকৰণ লাগে ।


 

এটা ভাষাৰ মৌলিক উপাদান কেইটা হৈছে ১)লিপি, ২)শব্দকোষ, ৩)বিশ্বকোষ আৰু ৪) ব্যাকৰণ ।

মই কোনো ভাষাবিদ নহয়, গতিকে মোৰ সাধাৰণ ধ্যান ধাৰণাৰ পৰা যি অনুভৱ হৈছে তাকেই লিখিছো । এই কেইটাৰ বাহিৰেও অন্যান্য মৌলিক উপাদান থাকিব পাৰে । কিন্তু ওপৰোক্ত উপাদান কেইটাৰ গুৰুত্ব সর্বজন বিদিত । এই কেইটা উপাদান অবিহনে ভাষা এটা ভাষা বুলি চিহ্নিত কৰা অসম্ভৱপৰ হৈ পৰে । এইকেইটা উপাদানৰ অবিনহে এটা ভাষাৰ অস্তিত্ব আৰু আয়ুস তেনেই সীমিত ।

এতিয়া কথা হ’ল ইন্টাৰনেটৰ জগতখনত আমি অসমীয়া ভাষাক নতুনকৈ সংস্থাপিত কৰিবলৈ আগবাঢ়িছো । এই চেষ্টাৰ আৰম্ভনিতে আমি এখন শব্দকোষ প্রস্তুত কৰা কামত নিয়োগ হৈছো । শব্দকোষখন ইতিমধ্যে পৈনত অৱস্থা পাইছেই । মই কৈছো “শব্দ(xobdo.org)” ৰ কথা । হয়, আমাৰ অসমীয়া ভাষাত অভিধানৰ অভাৱ নাই । কিন্তু ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ প্রচাৰ আৰু প্রসাৰৰ বাবে ই অতিকৈ দৰকাৰী । ঠিক তেনেদৰে আমি কর্মৰত হৈ আছো এখন অনলাইন বিশ্বকোষ নির্মানৰ কামত । হয়, ঠিকেই .. মই “ৱিকিপিদিয়া(as.wikipedia.org)”ৰ কথাই কৈছো | এইখিনিতে, অসমীয়া ইউনিক’ড লিপি লৈ চলি থকা দীর্ঘদিনিয়া বেমেজালি দূৰীকৰণৰ কামত নিৰলস ভাৱে লাগি আছে আমাৰ মাজৰে কেইজনমান নিঃস্বার্থ ভাষাপ্রেমী । তেওঁলোকৰ চেষ্টা সফল হ’ব আৰু অসমীয়া ভাষাই বিশ্ব দৰবাৰত প্রাপ্য মর্যদা পাব বুলি আশা ৰাখিলো ।

কিন্তু এইখিনিতে অন্তিম আৰু চতুর্থ উপাদানটোৰ … “ব্যাকৰণ”ৰ, লগত জড়িত একো কাম কোনোফালে চলি থকা চকুত নপৰিল । নাজানো । হয়তো এনেকুৱাও হ’ব পাৰে যে হয়টো চলি আছে কিন্তু মইহে গম পোৱা নাই । যদি তেনেকুৱাই হৈছে তেনেহলে যি সকলে এই কামৰ লগত জৰিত হৈ আছে তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিলো । এই অধমৰ অজ্ঞানতাৰ বাবে দায় দোষ নধৰে যেন । আপোনালোকৰ চেষ্টা সফল হওক । কিন্তু যদি তেনেকুৱা হোৱা নাই,… মানে যদি সচাকৈ তেনে কোনো ব্যাকৰণৰ কাম চলি থকা নাই তেনেহ’লে মই ভাবো অনতি পলমে এখন অনলাইন ব্যাকৰণ সংস্কৰণ কৰি উলিওৱাহে কথা ।

পিছে ৰাইজে বা কি কয় ।


Posted in মোৰ ডায়েৰী | Tagged , , , , | 1 Comment

শিল্পী দিৱস

"আজৰি"ৰ সমুহ পঢ়ুৱৈ আৰু বৃহত্তৰ অসমীয়া ৰাইজলৈ " শিল্পী দিৱস "ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আৰু লগতে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱলৈ সশ্রদ্ধ প্রণাম যাচিলো ।

Posted in বতৰা | Tagged , , , | Leave a comment

অৰুণাচল প্রদেশলৈ ৰেলসেৱা

বর্ত্তমানে অতিকৈ কম দৈর্ঘ্য(মাত্র ১.৬ কিঃমিঃ)ৰ ৰেলপথেৰে ভাৰতবর্ষৰ ৰেল মানচিত্রৰ লগত সংলগ্ন হৈ থকা আৰুণাচল প্রদেশলৈ বৃহত্তৰ দৈর্ঘ্যৰ ৰেলপথ সংযোগৰ পৰিকল্পনা হাতত লোৱাটো এটা আশাব্যঞ্জক বাতৰি বুলি ক’ব পাৰি । সকলোপিনৰ পৰা নিৰাশাপূৰ্ণ খবৰে মন টেঙা লগোৱা সময়ত ক্ষুদ্রভাৱে হ’লেওঁ মন ভাল লগোৱা খবৰ এটাই মনটো ফৰকাল কৰি তোলে ।

 

পিছে পৰিকল্পনাহে হাতত লোৱা হৈছে । প্রকৃতার্থত কার্যত ৰূপায়িত হৈ উঠিবলৈওঁ এতিয়াও বহুত বাকী । দেখা যাওঁক । সময়েহে ক’ব । চলিত বর্ষৰ ডিচেম্বৰ মাহত সম্পূর্ণ হ’ব লগা এই পৰিকল্পনা ইতিমধ্যেই ২০১৩ চনলৈ পিছুওৱা হৈছে ।

Posted in বতৰা | Leave a comment